অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! কেইবাখনো গাড়ীত খুন্দা তীব্ৰবেগী মাৰ্চিডিজৰ, অসমৰ যুৱকৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো বাহনত খুন্দা তীব্ৰবেগী মাৰ্চিডিজ বেঞ্জ গাড়ীৰ।

বেংগালুৰুৰ ইন্দিৰানগৰ সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত এজন লোক নিহত হোৱাৰ উপৰিও আন ছয়জন আহত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি দ্ৰুতবেগী গাড়ীখনৰ চালকজনক চুৱেড কাৰ্ডিঅ’ (৪৩) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে মৃত ব্যক্তিজনক অসমৰ হৰি মহন্ত (৩৬) বুলি চিনাক্ত কৰা হৈছে।

আহতসকলৰ ভিতৰত বাইক আৰোহী আনন্দ কুমাৰ (৩৬), আন এখন গাড়ীৰ চালক মহেশ (২৭), যাত্ৰী বিদ্যাশ্ৰী (২২) আৰু নিঙ্গানাবাদ শ্ৰীনিবাস (২২) বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অটো চালকসকল হৈছে নাজিব (৩৮) আৰু কৃষ্ণা (৩০)।

যান-বাহন আৰক্ষীৰ মতে গাড়ীখন তীব্ৰ বেগত আছিল। তেওঁ প্ৰথমে এখন অটোক খুন্দা মাৰিছিল।

তাৰ পিছত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো গাড়ীত খুন্দিয়াইছিল।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button