অসম
ভয়ংকৰ পথ দুৰ্ঘটনা! এম্বুলেঞ্চে মহতিয়াই নিলে স্কুটী আৰোহীক, নিহত মনিশ সূত্ৰধৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।
এম্বুলেঞ্চে মহতিয়াই নিলে স্কুটী আৰোহীক।
দুৰ্ঘটনাটোৰ ফলত নিহত মনিশ সূত্ৰধৰ নামৰ এজন যুৱক।
ধুবুৰী-বঙাইগাঁও সীমান্তৱৰ্তী তালগুৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
তালগুৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন এএছ০১এমচি৩৩৯৪ নম্বৰৰ মৰুতি ইক’ এম্বুলেঞ্চ বাহনে এএছ ১৯ কিউ১৪৬৪ নম্বৰৰ এখন স্কুটীক মহতিয়াই নিয়াৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন দুজন লোক।
নিহত যুৱকজন কাঁইটপাৰা গাঁৱৰ মনিশ সূত্ৰধৰ বুলি জানিব পৰা গৈছে।
গুৰুতৰভাৱে আহতদ্বয় হিতেশ বৰ্মন আৰু ৰঞ্জন বৰ্মন।
দুয়োকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে নিহত মনিশ সূত্ৰধৰ কেইদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল।
এম্বুলেঞ্চখন বহলপুৰৰ ফালৰ পৰা বটিয়ামাৰী অভিমুখে আহি আছিল।