ভয়ংকৰ পথ দুৰ্ঘটনা! এখন ট্ৰাকৰ পাছফালে আন এখনৰ খুন্দা, থিতাতে নিহত এজন…

ক্ষেত্ৰীত মাজনিশা শোকাৱহ পথ দুৰ্ঘটনা।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰীৰ কৈলাশীলত দুখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়।

থিতাতে নিহত এজন, নিহত হেণ্ডিমেন জন ট্ৰাক দুখনৰ চেপাত উদ্ধাৰ।

বিজয়া নাৰ্চাৰীৰ সন্মুখতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

নগাঁও অভিমুখী AS 01 GC 1844 নম্বৰৰ ট্ৰাক খনে WB 31 A 1599 নম্বৰৰ ট্ৰাক খনক পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।

ফলত দুয়োখন ট্ৰাক বিজয়া নাৰ্চাৰীৰ সমীপতে ৰৈ য়ায়।

Leave a Comment