fbpx
অসম

ভয়ংকৰ পথ দুৰ্ঘটনাত ভাঙি চুৰমাৰ ই-ৰিক্সা, থিতাতে নিহত হয় চালকজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত এখন ই-ৰিক্সা সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ যায়। 

দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো।

লখিমপুৰৰ মৈদমীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

এখন তীব্ৰবেগী অৰুণাচলী বাহনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সা খনৰ নম্বৰ AS 07 ER 0378.

দুৰ্ঘটনাটোৰ ফলত নিহত হয় লখিমপুৰৰ মৈদমীয়া গাঁৱৰ মইনুদ্দিন আলী নামৰ ই-ৰিক্সা চালকজন। লগতে আহত হয় ই-ৰিক্সাখনত থকা কেবাজনো আৰোহী।

পুৱা প্ৰায় ৫ মান বজাত মইনুদ্দিনে উত্তৰ লখিমপুৰ নগৰৰ পৰা ৰংপুৰীয়া গাঁও অভিমুখে ই-ৰিক্সালৈ আহি থকা অৱস্থাত মৈদমীয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশৰ পৰা অহা এখন AR 08 B 2690 নম্বৰৰ অৰুণাচলী উইংগাৰে মহতিয়াই নিয়ে।

আহত সকলক সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!