বিহপুৰীয়াৰ ডিক্ৰং নৈত ভয়ংকৰ নাও দুৰ্ঘটনা।
কথমপি প্ৰাণৰক্ষা ১৮গৰাকীকৈ শিক্ষাৰ্থীৰ।
ডিক্ৰং নদীৰ মাজত বুৰ গ’ল ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া এখন টুলুঙা নাও।

দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত আছিল দেবেচুথান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৮ গৰাকীকৈ শিক্ষাৰ্থী।
বিদ্যালয়খনত এটি সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই নাও দুৰ্ঘটনা।
নাও দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা আটাইকেইগৰাকী শিক্ষাৰ্থীৰ।
বিগত সময়ছোৱাত স্থানীয় বিধায়কসকলক এখন ডাঙৰ নাওঁ বিচাৰি আবেদন জনাই আহিছিল বিদ্যালয় কৰ্তৃপক্ষই।