fbpx
অসম

ভয়ংকৰ নাও দুৰ্ঘটনা, ১২ জনকৈ লোক সন্ধানহীন…

হোজাইৰ ৰাইকটা কছাৰী গাঁৱত ভয়ংকৰ নাও দুৰ্ঘটনা।

১৫ জনকৈ লোক কঢ়িওৱা নাও বুৰ যায় পানীত।

ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৩জনকৈ লোকক।

আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১২ জনকৈ লোক।

স্থানীয় ৰাইজৰ পৰা পোৱা খবৰ অনুসৰি নিৰাপদ আশ্রয় বিচাৰি ইছলামপুৰৰ পৰা এখন নাৱেৰে ১৫ জনকৈ লোকে যাত্ৰা কৰিছিল।

কিন্তু এনে যাত্রাকালতে এটা ইটাভাতাৰ ওচৰত নাওখন হঠাতে পানীত বুৰ যায়।

ঘটনাৰ পিচতে এছ ডি আৰ এফৰ দল উক্ত স্থানলৈ ৰাওনা হোৱা বুলি জনা গৈছে।

ভয়ংকৰ বানৰ বাবে লোককেইজনক ওখ স্থানলৈ লৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!