অসম

ভয়ংকৰ দুৰ্ঘটনা! ৱেগনাৰ বাহনত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ, গুৰুতৰভাৱে আহত তিনিজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৱেগনাৰ বাহনত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত তিনি বাইৰ আৰোহী।

বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনাটো।

ডিফুৰ পৰা আহি থকা AS 02 AB 9382 নম্বৰৰ ৱেগনাৰ বাহনত প্ৰচণ্ড খুন্দা বাইকৰ।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক ক্ৰমে বাইক আৰোহী গোবিন্দ বড়ো, সাগৰ ৰামছিয়াৰী, প্ৰণৱ ৰামছিয়াৰী।

গোবিন্দ বড়ো আৰু সাগৰ ৰামছিয়াৰীক সংকটজনক অৱস্থাত ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button