ভয়ংকৰ দুৰ্ঘটনা! ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহূৰ্ততে নিশেষ হ’ল এটা পৰিয়ালে, পিতৃ, মাতৃসহ সন্তানৰ মৃত্যু…

এক ভয়ংকৰ দুৰ্ঘটনা।

ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহূৰ্ততে নিশেষ হ’ল এটা পৰিয়ালে।

থিতাতে প্ৰাণ হেৰুৱালে পিতৃ-মাতৃসহ সন্তানে।

নগাঁৱৰ পুৰণিগুদামত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

পুৰণিগুদামৰ বিষয়াচুকত ৰে’ল লাইন পাৰ হ’বলৈ ধৰা অৱস্থাত ৰে’লে মহটিয়াই নিয়ে টাটা জেষ্ট বাহনখন।

ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত গাড়ীখন কেইবাডোখৰ হৈ পৰে।

513
ভয়ংকৰ দুৰ্ঘটনা! ৰে’ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহূৰ্ততে নিশেষ হ’ল এটা পৰিয়ালে, পিতৃ, মাতৃসহ সন্তানৰ মৃত্যু... 2

দুৰ্ঘটনাটোৰ ফলত চন্দ্ৰ কলিতা (জোনটি), নীলিমা কলিতা আৰু পুত্ৰ নিলাভ নয়নে থিতাতে প্ৰাণ হেৰুৱাই।

পৰিয়ালটোৰ ঘৰ আছিল পুৰণিগুদাম তেলীয়া গাঁৱত।

উল্লেখ্য যে, সেই স্থানত ৰে’ল গেট নিৰ্মাণৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে’ল কৰ্তৃপক্ষই ৰেলৱে ক্ৰচিঙটোত গাঁত খান্দি আহ-যাহ বন্ধহে কৰি দিছিল।

কিন্তু লাহে লাহে পুনৰ সেই গাঁত সমান হৈ পৰাত উক্ত পথেৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হয়।

দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ আছিল- AS02 N4402।

এনেদৰে এটা পৰিয়াল নিমিষতে শেষ হৈ যোৱা ঘটনাই সমগ্ৰ নগাঁৱতেই শোকৰ ছা পেলাইছে।

লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল