অসম
ভয়ংকৰ দুৰ্ঘটনা! ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত সোমাল যাত্ৰী বাহী টেম্পো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত সোমাল যাত্ৰী বাহী টেম্পো।
কলিয়াবৰৰ চতিয়ালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংঘটিত হৈছে এই ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ পৰা উফৰি গৈ পথৰ কাষত থকা পানী ভৰ্তি দ’ খাৱৈত সোমাল এখন যাত্ৰীবাহী টেম্পো।
অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত টেম্পো খনত নাছিল কোনো যাত্ৰী।
ইপিনে দুৰ্ঘটনাটোৰ ফলত কথমপী প্ৰাণ ৰক্ষা পৰে চালকগৰাকীৰ।
অৱশেষত কলিয়াবৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ টেম্পো খন দ’ খাৱৈৰ পৰা উদ্ধাৰ কৰি লৈ যায় থানালৈ।