ভয়ংকৰ দুৰ্ঘটনা! ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড খুন্দা গুৱাহাটী অভিমুখী নৈশ বাছৰ, গুৰুতৰভাৱে আহত ৮জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ডাম্পাৰত পিছফালে প্ৰচণ্ড খুন্দা গুৱাহাটী অভিমুখী নৈশ বাছৰ।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে নৈশবাছ খনৰ ৮জনকৈ লোক।

গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

510
ভয়ংকৰ দুৰ্ঘটনা! ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড খুন্দা গুৱাহাটী অভিমুখী নৈশ বাছৰ, গুৰুতৰভাৱে আহত ৮জন... 3

আহত সকলক স্থানীয় ৰাইজে ততাতৈয়াকৈ দেৰগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, তিনিচুকীয়া-গুৱাহাটী অভিমুখী নৈশ বাছখনে নিয়ন্ত্ৰণ হেৰুাৱই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ডাম্পাৰত খুন্দা মাৰে।

দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নম্বৰ হৈছে- AS-01-GC-4755

আনহাতে ডাম্পাৰখনৰ নম্বৰ হৈছে- AS-23-BC-1976

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাছখন উদ্ধাৰ কৰে।

লগতে চাওকঃ

ভয়ংকৰ দুৰ্ঘটনা! ৰে’লে মহটিয়াই নিলে টাটা জেষ্ট বাহন, পিতৃ-মাতৃসহ পুত্ৰৰ থিতাতে মৃত্যু

513
ভয়ংকৰ দুৰ্ঘটনা! ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড খুন্দা গুৱাহাটী অভিমুখী নৈশ বাছৰ, গুৰুতৰভাৱে আহত ৮জন... 4