fbpx
অসমঅসমীয়া

ভয়ংকৰ দুৰ্ঘটনা! ৰখাই থােৱা ট্ৰাকত প্ৰচণ্ড জােৰে খুন্দা ব্যক্তিগত বাহনৰ, যুৱতীৰ মৃত্যু, আহত পিতৃ

নিউজ ডেস্ক। পুনৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যান্ত্ৰিক বিজুতিৰ বাবে ৰখাই থােৱা এখন মালবাহী ট্ৰাকত পিছফালৰ পৰা খুন্দিয়াই বিধ্বস্ত হ’ল এখন ব্যক্তিগত বাহন।

এই দুৰ্ঘটনা সংঘটিত হ’ল দেওবাৰে পুৱা মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত।

এই দুৰ্ঘটনাত গাড়ীখনত থকা এগৰাকী যুৱতীৰ থিতাতে মৃত্যু হোৱাৰ উপৰি গুৰুতৰভাৱে আহত হয় চালকৰ আসনত থকা যুৱতীগৰাকীৰ পিতৃ।

G4 10

জানিব পৰা মতে, বৰঝাৰ বিমানবন্দৰৰ পৰা নগাঁও অভিমুখে যাত্ৰা কৰাৰ পথত এএছ-੦২ ভি-৭৭৯৮ নম্বৰৰ টাটা টাইগােৰ বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থােৱা এএছ ১৮এ/১৭৩১ নম্বৰৰ ট্ৰাকখনত তীব্ৰ জোৰে খুন্দা মাৰে।

জানিব পৰা মতে, বৰঝাৰ বিমানবন্দৰত কোনো আত্মীয়ক থৈ ঘৰলৈ ওভতাৰ সময়তে এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

G3 10

চালকৰ আসনত থকা আব্দুল গফৰ গুৰুতৰভাবে আহত হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে মৃত্যু হয় জীয়ৰী ৰূপচানা আহমেদ (১৬)ৰ।

তেওঁলোকৰ ঘৰ নগাওঁৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰাত বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!