ভয়ংকৰ দুৰ্ঘটনা! সুৰামত্ত চালকে মহটিয়ালে কেইবাজনো লোকক, দুজনৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মৰিগাঁৱত সুৰামত্ত চালকে মহটিয়ালে কেইবাজনো লোকক।

তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ২ জনকৈ লোকৰ।

দুৰ্ঘটনাটোৰ ফলত শোকাৱহ মৃত্যুক সাৱটিলে প্ৰভেশ্বৰ বৰদলৈ আৰু অমৃত বৰদলৈ নামৰ লোক দুজনে।

জানিব পৰা মতে, জাগীৰোড অভিমুখি AS01BF3817 নম্বৰৰ টাটা ছাফাৰী বাহনখনে বাচনাঘাট খান্দাজান দলঙত এখন মটৰচাইকেলত খুন্দিয়াই পলাই যাবলৈ চেষ্টা কৰোঁতে ঔজাৰিত পুনৰ দুজন চাইকেল আৰোহীক খুন্দিয়ায়।

দুৰ্ঘটনাত আহত ঔজাৰিৰ প্ৰভেশ্বৰ বৰদলৈ নামৰ ব্যক্তিজনৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয়।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন চাইকেল আৰোহী ঔজাৰিৰে অমৃত বৰদলৈক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা অৱস্থাত মৃত্যুমুখত পৰে।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পৰা পলাবলৈ চেষ্টা কৰা দুজন ব্যক্তিক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে।

টাটা চাফাৰিখনৰ পৰা উদ্ধাৰ হৈছে সুৰাৰ বটল।