ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী ট্ৰেভেলাৰত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, আহত কেইবাজনো

নিউজ ডেস্কঃ দলঙৰ ওপৰত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত আহত হয় ১০ জনৰো অধিক লোক। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰহাত।

জানিব পৰা মতে, দেওবাৰে এএছ ০১এইছচি ৩৭৮৩ নম্বৰৰ নগাঁৱৰ পৰা গুৱাহাটীলৈ আহি থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰত প্ৰচণ্ড খুন্দা মাৰে এখন দ্ৰুতবেগী ট্ৰাকে। ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনাটো।

raha
ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী ট্ৰেভেলাৰত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, আহত কেইবাজনো 2

দুৰ্ঘটনাৰ ফলত ট্ৰেভেলাৰখনৰ ভিতৰত থকা কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত সকলৰ ভিতৰত চালকসহ ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই ভয়ংকৰ দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।