ভয়ংকৰ দুৰ্ঘটনা! যাত্ৰীবাহী মেজিক আৰু ৰেনল্ট বাহনৰ মুখামুখি সংঘৰ্ষ, দুজনৰ অৱস্থা সংকটজন…

পূজাৰ উছাহৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী মেজিক আৰু ৰেনল্ট বাহনৰ মুখামুখি সংঘৰ্ষ গুৰুতৰভাৱে আহত দুজন।

মহা অষ্টমী দিনা জোনাই বান্দানাস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, তেলামৰ পৰা জোনাই অভিমুখী এখন যাত্ৰীবাহী মেজিক আৰু পাচীঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা এখন ৰেনল্ট বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত মুঠ আঠজনকৈ লোক আহত হয়।

আহত ব্যক্তিসকলক প্ৰাথমিক চিকিৎসাৰ ভাৱে জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে গুৰুতৰ ভাৱে আহত হোৱা দুজন ব্যক্তিক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ ভাৱে AMCH লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাগ্ৰস্ত মেজিক খনৰ নম্বৰ AS-22C-2648 …