অসম

ভয়ংকৰ দুৰ্ঘটনা! মেঘালয়ত দুৰ্ঘটনাত পতিত অসমৰ যাত্ৰীবাহী নৈশ বাছ, ১৪ জন….

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মেঘালয়ত দুৰ্ঘটনাত পতিত অসমৰ যাত্ৰীবাহী নৈশ বাছ।

পুৱতি নিশা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানা এলেকাৰ অধীনস্থ গোমাইজোৰাত গুৱাহাটী-মানকাচৰ নৈশ বাছ দুর্ঘটনাগ্ৰস্থ হয়।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় ১৪ জনকৈ লোক।

উল্লেখ্য যে গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী এ এছ ০১ এন চি ২৫২৪ নম্বৰৰ যাত্ৰীবাহী নৈশবাছখন মেঘালয়ৰ গাৰো পাহাৰ জিলাৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা খাৱৈত বাগৰি পৰে।

লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ দুর্ঘটনাগ্ৰস্থ নৈশ বাছৰ ভিতৰৰ পৰা যাত্ৰী সকলক উদ্ধাৰ কৰে।

এই দুর্ঘটনাৰ ফলত ১৪ জন লোক আহত হৈছে। আহত কেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

Related Articles

Back to top button