ভয়ংকৰ দুৰ্ঘটনা! মালবাহী বলেৰ’ৰ খুন্দাত নিহত হোমগাৰ্ড হিৰেণ শইকীয়া, আহত এজন কনিষ্টবল…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মালবাহী বলেৰ’ বাহনৰ খুন্দাত নিহত হোমগাৰ্ড হিৰেণ শইকীয়া

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা বুল্লাৰপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

নিহত গৃহৰক্ষী জোৱান জন হৈছে দৰং জিলাৰ চিপাঝাৰ থানাৰ অন্তৰ্গত ঘোপাৰ হীৰেণ শইকীয়া ( ৪৭ )।

আনহাতে গুৰুতৰভাবে আঁহত হয় বৰঝাৰ আৰক্ষী চকীত কৰ্মৰত কনিষ্টবল ছোৱানলাই দেউৰী।

প্ৰাপ্ত খবৰ মতে বৰঝাৰ আৰক্ষী চকীৰ কনিষ্টবল ছোৱানলাই দেউৰী আৰু গৃহৰক্ষী জোৱান হীৰেণ শইকীয়াই নিশা প্ৰায় ১০.৪৫ বজাত এ এছ ০১ ডি ৱাই ৪০৪৭ নম্বৰৰ দুচকীয়া এক্টিভাখন লৈ আৰক্ষী চকীৰ পৰা প্ৰায় তিনি কিঃমিঃ নিলগৰ এয়াৰফৰ্চ গেটত থকা এছ বি আইৰ এ টি এমলৈ কৰ্তব্যৰ বাবে ওলাই যায়।

দুয়োজনে আৰক্ষী চকীৰ পৰা প্ৰায় এক কিঃমিঃ নিলগৰ ভি আই পিৰ উৰণীয়া সেঁতু পাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এয়াৰফৰ্চ গেটলৈ গৈ থকা অৱস্থাত পাছফালৰ পৰা মিৰ্জা অভিমুখে গৈ থকা এ এছ ০১ এম চি ৮২৮৪ নম্বৰৰ মালবাহী বলেৰ’ বাহনখনে দুয়োজনকে মহতিয়াই নিয়ে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনে এক্টিভাখন সন্মুখৰ বাম্পাৰত লৈ দুই কিঃমিঃ লৈ ৰাইবৰীত পথৰ ওপৰত পেলাই থৈ চালকজনে পলায়ন কৰে।

আনহাতে নিশা দুৰ্ঘটনাৰ খবৰ পাই বৰঝাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া অশোক কলিতা, সহকাৰী উপ পৰিদৰ্শক অজিত মালীয়ে দুজনমান আৰক্ষীৰ সৈতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুয়োজনকে অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি প্ৰথমতে নিকটবৰ্তী আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়।

কিন্ত তাৰ চিকিৎসকে দুয়োজনকে মাজনিশা জি এম চি এইছলৈ প্ৰেৰণ কৰে।

কিন্ত জি এম চি এইছত চিকিৎসকে গৃহৰক্ষী জোৱান হীৰেণ শইকীয়াক মৃত বুলি ঘোষণা কৰে।

আনহাতে বৃহস্পতিবাৰে দুপৰীয়া হীৰেণ শইকীয়াৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত বৰঝাৰ আৰক্ষী চকীৰ ফালৰ পৰা জি এম চি এইছত শ্ৰদ্ধাঞ্জলি জনোৱাৰ হয়। তাৰ পাছত মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হয়।

ইতিমধ্যে গুৱাহাটী মহানগৰ আৰক্ষীৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙকে ধৰি উচ্চপদস্থ বিষয়াসকলে কৰ্তব্যৰত অৱস্থাত নিহত হোৱা হীৰেণ শইকীয়াৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সম্প্ৰতি জি এম চি এইছত চিকিৎসাধীন হৈ থকা ছোৱানলাই দেউৰীৰ আশু আৰোগ্য কামনা কৰিছে।

Leave a Comment