fbpx
অসম

ভয়ংকৰ দুৰ্ঘটনা! বাইক-চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক-চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন।

ডবকাৰ শালবাগানৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত এজন লোকৰ থিতাতে নিহত হোৱাৰ লগতে অন্য তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, এখন নম্বৰপ্লেট বিহীন দ্ৰুতবেগী মাহিন্দ্ৰা XUV বাহনৰ সৈতে এখন ৰোয়েল এনফিল্ড আৰু এখন বাজাজ এভেঞ্জাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত পতিত হোৱা ৰোয়েল এনফিল্ড মটৰ চাইকেলখনৰ নম্বৰ হৈছে- এই-০১ইটি-৯৬৫৩ আৰু বাজাজ এভেঞ্জাৰ মটৰ চাইকেলখনৰ নম্বৰ হৈছে এএছ-০৯এইচ-৪৩১৫।

অৱশ্যে বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখন উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত লোককলক হস্পিটেললৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!