এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মালবাহী ট্ৰাকৰ, এজনৰ মৃত্যু।
তেজপুৰত মিছন চাৰিআলিত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
প্ৰাপ্ত তথ্য অনুসৰি, নগাঁৱৰ ফালৰ পৰা তেজপুৰ অভিমুখী NL01AB4269 নম্বৰৰ ১৮ চকীয়া চিমেণ্ট ভৰ্ত্তী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰে।

ফলত ট্ৰাক খনৰ চালক জনৰ থিতাতে নিহত হয়। নিহত চালক জন কামৰূপৰ ১নং ডেৰফালৰ ৩৩ বছৰীয়া ৰাকেশ বৰ্মন বুলি জানিব পৰা গৈছে।
ঘটনাস্থলিৰ পৰা দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক খন উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে নিহত চালকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।