ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত সোমাল যাত্ৰীবাহী বাছ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত সোমাল যাত্ৰীবাহী বাছ।

অভয়াপুৰীৰ শিঙিমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

বৰপেটাৰোডৰ পৰা গোৱালপাৰা অভিমূখে গৈ থকা অৱস্থাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত পৰে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে- AS25B C1065 ।

দুৰ্ঘটনাটোৰ ফত যাত্ৰীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও আহত হয় তিনিজন যাত্ৰী।