ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীত খুন্দিয়াই খাৱৈত পৰিল স্কৰপিঅ’ বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা স্কুটীত খুন্দিয়াই খাৱৈত পৰিল এখন স্কৰপিঅ’ বাহন।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰুকচিনত বুধবাৰে সংঘটিত হৈছে এই ভয়ানক পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত দৈৱক্ৰমে মৃত্যুৰ পৰা হাত সাৰে দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ চালকজন।

জানিব পৰা মতে, পাছিঘাট অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত ML08E0064 নম্বৰৰ এখন বিলাসী স্কৰপিঅ’ বাহনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ৰুকচিনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা AR143422 নম্বৰৰ এখন যাত্ৰী বিহীন স্কুটিখনত খুন্দা মাৰে।

ইয়াৰ পিছতে চাৰিচকীয়া বাহনখন পথৰ কাষত থকা খাৱৈত আৱদ্ধ হৈ পৰে।

এই ঘটনাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ উপস্থিত ৰাইজৰ সহযোগত চালক সহ দুৰ্ঘটনাগ্ৰস্থ স্কৰপিঅ তথা স্কুটিখন উদ্ধাৰ কৰে আৰু চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।