ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা কালভাৰ্টত খুন্দা যাত্ৰীবাহী বাছৰ, কেইবাগৰাকী যাত্ৰী আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা কালভাৰ্টত খুন্দা যাত্ৰীবাহী আলট্ৰা বাছৰ।

দুৰ্ঘটনাটোৰ ফলত কেইবাগৰাকীও যাত্ৰী আহত হৈছে।

কাজিৰঙাৰ দিৰিং চাৰিআলীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দা মাৰে যাত্ৰীবাহী আল্ট্ৰা বাছখনে।

জানিব পৰা মতে, দুৰ্ঘটনাৰ পতিত বাছখন তেজপুৰৰ পৰা ডিমাপুৰ অভিমুখী আহি আছিল।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS05AC1116.

আনহাতে ঘটনাস্থলীত উদ্ধাৰ অভিযানত নামি পৰিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।