ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ব্যৱসায়ীক প্ৰতিষ্ঠানত খুন্দা তীব্ৰবেগী বাহন, ৫ জন আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ব্যৱসায়ীক প্ৰতিষ্ঠানত খুন্দা তীব্ৰবেগী বাহনৰ।

সোনাৰীৰ চাফ্ৰাই চাহ বাগিচা তিনিআলিত দুৰ্ঘটনাত পতিত হয় এখন নাগালেণ্ডৰ গাড়ী।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৫ জনকৈ লোক।

জানিব পৰা মতে, নাগালেণ্ডৰ মন টাউনৰ পৰা সোনাৰী হৈ কহিমালৈ আহি থকা অৱস্থাত নাগালেণ্ডৰ এখন তীব্ৰবেগী স্কৰপিঅ বাহনে ধোদৰ আলিৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই চাৰিখনকৈ দোকান তীব্ৰ বেগেৰে খুন্দা মাৰে।

দুৰ্ঘটনাগ্ৰস্থ স্কৰপিঅ বাহনখনৰ নম্বৰ NL07H9867 ।

আহত সকলক ইতিমধ্যে চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখযোগ্য যে ঈদৰ কাৰনে দোকানকেইখন বন্ধ আছিল বাবেই হতাহতৰ পৰা ৰক্ষা পৰে অধিক লোক।

অৱশ্যে ঘটনাটোত ৪ খনকৈ দোকানৰ বিস্তৰ ক্ষতিসাধন হৈছে।