ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত এজন মৃত্যু, গুৰুতৰভাৱে আহত ২

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন দুগৰাকী।

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত জলকীয়াসুতিস্থিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে দিনৰ প্ৰায় ২ মান বজাত এই ভয়ংকৰ পথ দূৰ্ঘটনাটো সংঘটিত হয়৷

জানিব পৰা মতে জোনাইৰ পৰা ঢকুৱাখনা অভিমুখে আহি থকা AR- 01L -5893 নম্বৰৰ চেন্ট্ৰ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে ৷

image 254
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত এজন মৃত্যু, গুৰুতৰভাৱে আহত ২ 3

ফলত বাহনখনত থকা দীনকান্ত পেগু(৫০) নামৰ লোকজনৰ থিতাতে মৃত্যু।

আন দুজন লোক ক্ৰমে প্ৰেমধৰ পেগু আৰু যুগল পেগু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

মুৰ আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক দুজনক চিলাপথাৰ মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

লগতে চাওকঃ

আম কাণ্ড! দিছপুৰ সমষ্টিৰ বিধায়কলৈ কুৰিয়াৰযোগে কােনে প্ৰেৰণ কৰিলে আম?

G1 25
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত এজন মৃত্যু, গুৰুতৰভাৱে আহত ২ 4