fbpx
অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ দ’ খাৱৈত পৰিল মালভৰ্তি ট্ৰাক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা!

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ দ’ খাৱৈত পৰিল মালভৰ্তি ট্ৰাক।

কলিয়াবৰৰ বুঢ়াপাহাৰৰ কেঁকুৰিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

ট্ৰাকখনৰ চালকে অতিমাত্ৰা সুৰাপান কৰাৰ ফলতে নিয়ন্ত্ৰন হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত খুন্দিয়াই ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়।

চণ্ডীগড়ৰ পৰা যোৰহাট অভিমুখী ট্ৰাকখনে প্লাষ্টিক চকী কঢ়িয়াই আনিছিল।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ CH-01-TB-1823।

দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ।

ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ সামান্য আহত চালক-হেণ্ডিমেনক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত উদ্যানখনৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি যান-বাহনৰ গতিবেগ ৪০ কিলোমিটাৰ নিৰ্দ্ধাৰণ কৰাৰ পাছতো একাংশ ট্ৰাক চালকে উলংঘা কৰিছে প্ৰশাসনৰ নীতি-নিৰ্দেশনা। 

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!