অসম
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাইক আৰোহীৰ, থিতাতে মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাইক আৰোহীৰ, থিতাতে মৃত্যু।
চিৰাঙৰ বিজনীৰ ২ নং দাৰাংগাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
মৃত্যু হোৱা যুৱকজন ২ নং দাৰাংগা নিবাসী হিৰেণ দাস(১৭) বুলি জানিব পৰা গৈছে।
বৃহস্পতিবাৰে নিশা ২ নং দাৰাংগাত বিয়া খাই আন চাৰিজন বন্ধুৰ সৈতে মটৰ চাইকেলেৰে হিৰেণ দাসে ২ নং দাৰাংগাৰ নতুন ফৰেষ্ট পথেৰে ঘৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এডাল গছত খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
এই দুৰ্ঘটনাটোৰ পাছতে গছডালৰ কাষতে থকা এটা দ-খাৱৈত পৰি যোৱাৰ ফলত হিৰেণ দাসৰ মৃত্যু হয়।
শোকাৱহ পথ দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোত পৰিছে শোকৰ ছাঁ।