অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০ ফুট তলত বাগৰি পৰিল বলেৰ’, আহত কেইবাজনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০ ফুট তলত বাগৰি পৰিল বলেৰ’ বাহন।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় ৬ জনকৈ লোক।

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচিবৰগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, ধেমাজিৰ পৰা বগীবিললৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই চিচিবৰগাঁৱৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ৰে’লৱে অভাৰ ব্ৰীজৰ মূৰত খুন্দিয়াই প্ৰায় ২০ ফুট তলত পৰে।

জানিব পৰা অনুসৰি, এ এছ ২২এফ ০৩০৯ নম্বৰৰ মহিন্দ্ৰ বলেৰ’ গাড়ীখনেৰে ধেমাজিৰ সমীপৰ চেঙেলী পথাৰৰ পাঁচজন যুৱকে চেঙেলী পথাৰৰ পৰা বগীবিল অভিমুখে গৈ আছিল।

সৌভাগ্যক্রমে গাড়ীখনত থকা পাঁচজন যুৱকক স্থানীয় ৰাইজৰ তৎপৰতাত বহু সময় চেষ্টাৰ অন্তত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে তিনিজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত নিশাই চিচিবৰগাঁও আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

দুৰ্ঘটনাটোত গাড়ীখন ভাঙি সম্পূর্ণৰূপে চুচুর্মৈ হয়।

Related Articles

Back to top button