fbpx
আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ৰে’লে এক কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই নিলে বাহন, শিক্ষাৰ্থীসহ ১১ গৰাকীৰ মৃত্যু

এক ভয়ংকৰ দুৰ্ঘটনা।

তীব্ৰবেগী ৰে’লে এক কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই নিলে এখন বাহন।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় ৭ গৰাকী শিক্ষাৰ্থীসহ ১১ জনে।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় আন ৫ গৰাকী।

এই ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে বাংলাদেশৰ চিটাগং জিলা।

এখন মিনি বাছেৰে শিক্ষাৰ্থীসকলে কোনো ঠাই ভ্ৰমণ কৰি ঘুৰি অহাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখিন হয়।

বাছ খনৰ চালকে ৰেল গেটৰ ক্ৰচিঙৰ ঠাইৰে বাছ অতিক্ৰম কৰোৱাবলৈ লওঁতেই প্ৰৱতী এক্সপ্ৰেছ ৰে’লে মহতিয়াই নিয়ে বাছ খন।

কেউগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একাদশ শ্ৰেণীৰ আছিল বুলি জানিব পৰা গৈছে।

মৃত সকলৰ ভিতৰত বৰ্তমানলৈ কেৱল ৯ গৰাকীৰ হে পৰিচয় উদ্ধাৰ হৈছে।

আনহাতে আহতসকলক চিটাগং চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!