ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ক্ৰেতা বাহনে মহতিয়াই নিলে মন্ত্ৰী উৰ্খাও ব্ৰহ্মাৰ ইন’ভা বাহনসহ কেইবাখনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ক্ৰেতা বাহনে মহতিয়াই নিলে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মাৰ ৰখাই থোৱা ইন’ভা বাহনসহ আন কেইবাখনো।

পাঁচখন বাহন ক্ষতিগ্রস্ত

কোকৰাঝাৰ সদৰ চহৰৰ জেডি ৰোডত সংঘটিত হৈছে এই দুৰ্ঘটনা।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মাৰ ৰখাই থোৱা ইন’ভা গাড়ীত ( এ এছ-১৬ এইচ ৬৪১৬) প্রচণ্ড জোৰেৰে এ এছ-২৬ ডি-৮২২১ নম্বৰৰ ক্ৰেটা বাহন এখনে খুন্দা মৰাৰ ফলত দুয়োখন বাহনেৰে ক্ষতিসাধন হয়।

তদুপৰি উক্ত ক্রেটা বাহনৰ খুন্দাত আন এখন আর্টিকা গাড়ীসহ পাঁচ খনকৈ স্কুটীৰ ক্ষতিসাধন হয়।

প্রত্যক্ষদর্শীয়ে সদৰী কৰা মতে, সদৰ চহৰৰ দক্ষিণ দিশৰ পৰা অহা এ এছ ২৬ ডি-৮২২১ নম্বৰৰ ক্ৰেটা বাহনখনে মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মৰ পথৰ দাঁতিত ৰখাই থোৱা এ এছ ১৬ এইচ-৬৪১৬ নম্বৰৰ ইন’ভা বাহনত প্ৰথমে খুন্দা মাৰে।

ইয়াৰ পাছতে ক্রেটা বাহনখনে নিয়ন্ত্রণ হেৰুৱাই আন পাঁচখনকৈ বাহন মহতিয়াই নিয়ে।

সৌভাগ্যক্রমে উক্ত দুর্ঘটনাত বিশেষ কোনো লোকৰ হানি বিঘিনি নহ’ল যদিও দুর্ঘটনা সংঘটিত কৰা চালকজন আঘাতপ্রাপ্ত হৈছে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা চালকগৰাকীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।