ভয়ংকৰ দুৰ্ঘটনা! ডি-আই বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ডি-আই বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন।

ডিফুত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

ডিফুত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

image 43
ভয়ংকৰ দুৰ্ঘটনা! ডি-আই বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন... 3

জানিব পৰা মতে, ডিফু টাউন-প্রাইমেৰী স্কুলৰ সন্মুখত ডিফুৰ পৰা লামডিং অভিমুখে গৈ থকা এ এছ-০২ চি চি-১৭৬৫ নম্বৰৰ ডি আই ট্রাকখনৰ সৈতে ডিফু অভিমুখে আহি থকা এ এছ-০১ জেদ-৪৬৬৬ নম্বৰৰ মটৰ চাইকেলখন মুখামুখি খুন্দা লাগে।

এই দুৰ্ঘটনাত মটৰ চাইকেলৰ চালকজন গুৰুতৰভাৱে আহত হয়। আহত লোকজনক লগে লগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও লোকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

image 44
ভয়ংকৰ দুৰ্ঘটনা! ডি-আই বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন... 4

মৃত লোকজনক ডকমকা থানা এলেকাৰ ডেনগাঁৱৰ ছান্দিং বে’ গাঁও নিবাসী ৰতন ৰংপি (৪৩) বুলি জানিব পৰা গৈছে।

জানিব পৰামতে নিহত লোকজন ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাত পতিত হোৱা ডি আই বাহন আৰু মটৰ চাইকেলখন জব্দ কৰিছে।