fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ দুৰ্ঘটনা! ডাম্পাৰক পিছফালৰ পৰা খুন্দা বলেৰাে বাহনৰ, ৪ মহিলাসহ ৫ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

ডাম্পাৰক পিছফালৰ পৰা খুন্দিয়াই বিধ্বস্ত যাত্ৰীবাহী বলেৰাে বাহন, থিতাতে নিহত ৪ গৰাকী মহিলাসহ ৫ জন।

এই দুৰ্ঘটনা বৃহস্পতিবাৰে ৰাতিপুৱা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ যমুনা এক্সপ্ৰেছ হাইৱেত সংঘটিত হয়।

এই দুৰ্ঘটনাত দুগৰাকী লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে।

1 5

আৰক্ষীৰ সূত্ৰ অনুসৰি, গাড়ীখনৰ আৰোহীসকল আগ্ৰাৰ পৰা নয়ডালৈ গৈ আছিল।

ঘটনাটো পুৱা প্ৰায় ৫ বজাত সংঘটিত হৈছিল বুলিও আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

নিহতসকলৰ ভিতৰত চাৰিজন মহাৰাষ্ট্ৰৰ পুনেৰ বাৰামতীৰ, আনহাতে এগৰাকী মহিলা কৰ্ণাটকৰ বেলগামৰ।

দুৰ্ঘটনাটোত নিহত সকল হৈছে চন্দ্ৰ কান্ত নাৰায়ণ বুৰাডে (৬৮) স্বৰ্ণ চন্দ্ৰকান্ত বুৰাডে (৫৯), মালান বিশ্বনাথ কুম্ভৰ (৬৮), ৰঞ্জনা ভাৰত পাৱাৰ (৬০), নুভাঞ্জন মুজাৱাৰ (৫৩)।

2 1

গুৰুতৰভাৱে আহত নাৰায়ণ ৰামচন্দ্ৰ কোলেকাৰ মহাৰাষ্ট্ৰৰ চাটাৰাৰ বাসিন্দা হোৱাৰ লগতে সুনীতা ৰাজু গাষ্টেৰ ঘৰ কৰ্ণাটকৰ বেলগামত।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পথ দুৰ্ঘটনাত লোককেইজনৰ মৃত্যু হোৱা ঘটনাত তীব্ৰ শোক প্ৰকাশ কৰি মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে বিষয়া সকলক দুৰ্ঘটনাটোত আহত সকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈকো নিৰ্দেশ দিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!