ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাক আৰু ক্ৰুইজাৰৰ মুখামুখি সংঘৰ্ষত নিহত শিশু, মহিলাসহ ৮ জন

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু, মহিলাসহ ৮ জনৰ।

মহাৰাষ্ট্ৰৰ বিড জিলাৰ অম্বাজোগাই-লাটুৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা এখন দ্ৰুতবেগী ট্ৰাক আৰু ক্ৰুইজাৰ বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত নিহত হয় ৮ জনকৈ লোকৰ।

ভয়ংকৰ দুৰ্ঘটনাটোত আন ১২ জন লোক গুৰুতৰভাৱে আহত হয়।

G6 5
ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাক আৰু ক্ৰুইজাৰৰ মুখামুখি সংঘৰ্ষত নিহত শিশু, মহিলাসহ ৮ জন 3

জানিব পৰা মতে, লাতুৰৰ আৰ্ভি গাঁৱৰ পৰা অম্বাজোগাই তালুকত ৰেডিলৈ গৈ থকা গাংনে কুটুম্বিয়ানৰ আৰজে ১১জিএ ৯২১০ নম্বৰৰ এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ক্ৰুইজাৰ বাহনৰ।

দুৰ্ঘটনাৰ ফলত ক্ৰুইজাৰ বাহনখনৰ ভিতৰত থকা শিশু আৰু মহিলাসহ ৬ গৰাকী যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আনহাতে আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰা হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসা প্ৰদানৰ পূৰ্বেই আৰু দুজনে শেষ নিশ্বাস ত্যাগ কৰে।

বৰ্তমান ১২ জন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

ইফালে নিহত সকলৰ ৬ জনক নিৰ্মলা সোমবংশী (৩৬), স্বাতী বোডকে (৩৫), শকুন্তলা সোমবংশী (৩৬), সৰোজবাঈ কদম (৩৭), চিত্ৰা সিন্দে (৩৫), সন্দু ৰোহিলে (৩৫, চালক) বুলি চিনাক্ত কৰা হৈছে।

নিহত আন দুটি শিশুৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

লগতে চাওকঃ

ভয়ংকৰ পথ দুৰ্ঘটনা! ৰাস্তাৰ কাষত ৰৈ থকা যাত্ৰীবাহী অটোত খুন্দা ডাম্পাৰৰ, নিহত ৩জন

607
ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাক আৰু ক্ৰুইজাৰৰ মুখামুখি সংঘৰ্ষত নিহত শিশু, মহিলাসহ ৮ জন 4

Leave a Comment