
নিউজ ডেস্ক। হৰিদ্বাৰত গংগা স্নান কৰিবলৈ যোৱাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ৪ বন্ধুৱে।
মঙলবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় উত্তৰপ্ৰদেশৰ মুজাফ্ফৰনগৰৰ দিল্লী-ডেৰাডুন ঘাইপথত।
জানিব পৰা মতে, মঙলবাৰে ৬ বন্ধুৱে গুৰুগ্ৰামৰ পৰা হৰিদ্বাৰলৈ এখন বাহনেৰে যাত্ৰা আৰম্ভ কৰিছিল।
তেওঁলোকৰ উদ্দেশ্য আছিল হৰিদ্বাৰত গংগা স্নান কৰা।

৬ বন্ধুৱে গাড়ীৰে গৈ থকা সময়তে মুজাফ্ফৰনগৰত দিল্লী- ডেৰাডুন ঘাইপথত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এডাল গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে গছত খুন্দা মৰাৰ পিছত তেওঁলোকৰ বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।
দুৰ্ঘটনাত ৪ বন্ধুৰ ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে।
আনহাতে গুৰুতৰভাৱে আহত দুজনক পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মিৰাটলৈ প্ৰেৰণ কৰে।
আহত দুজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

কৰুণ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ৪ বন্ধুক ক্ৰমে- মনীষ সিং (২৩), ৰবীন্দ্ৰ (২৬), চাহিল (২৫) আৰু প্ৰিন্স (২২) বুলি চিনাক্ত কৰা হৈছে।
আহত দুজনৰ পৰিচয় ৰোহিত (২৩) আৰু ৰাজকুমাৰ (২৩) বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত পতিত আটাইকেইজন যুৱকেই গুৰুগ্ৰামৰ মোলাহেৰাৰ বাসিন্দা আছিল আৰু ওচৰ-চুবুৰীয়া আছিল।
দু্ৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে ৬ যুৱকৰ পৰিয়াল। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতো শোকৰ সৃষ্টি কৰিছে।
লগতে চাওকঃ
দোকানৰ সন্মুখত ৰৈ কথা পাতি থাকোতেই ঘটিল এই অঘটন, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
