ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা ADC আৰু পৰিয়ালৰ

এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা বৃহস্পতিবাৰে পৰিয়ালসহ কথমপি প্ৰাণ ৰক্ষা পৰে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ।

বৃহস্পতিবাৰে কাজিৰঙাৰ বাগৰীৰ গ্ৰীন আচিয়ানা হোটেলৰ নিচেই সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

উল্লেখ্য যে, বিশেষ ছুটিৰ বাবে স্বামী আৰু পুত্ৰ-কন্যাৰ সৈতে যোৰহাটৰ পৰা গুৱাহাটীৰ অভিমুখে আহি আছিল অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ।

photo-2022-01-07-12-33-07

সেই সময়তে কাজিৰঙাৰ বাগৰীত তেওঁৰ AS 03AB 9015 নম্বৰৰ ইন’ভা বাহনখনত একে দিশৰ পৰা আহি থকা AS25 DC 7537 নম্বৰৰ এখন মালবাহী ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত তেওঁলোকৰ বাহনখন ক্ষতিগ্ৰস্ত হয় যদিও কথমপি প্ৰাণৰক্ষা পৰে ADC কবিতা কাকতি কোঁৱৰ আৰু তেওঁৰ পৰিয়ালৰ।

ইফালে দুৰ্ঘটনাৰ পিছত ট্ৰাকখন জব্দ কৰিছে আৰক্ষীয়ে।

লগতে চাওকঃ

কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ হত্যাকাৰীক চিনাক্ত, তথ্য দিওঁতালৈ পুৰস্কাৰ ঘোষণা NIA ৰ

G3

চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ

G1

Leave a Comment