ভয়ংকৰ! ড্ৰাগছ কিনিবলৈ টকা নিদিয়াৰ বাবে পুত্রই জ্বলাই দিলে ঘৰ, পুত্ৰৰ বিৰুদ্ধে পিতৃৰ এজাহাৰ…

ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছৰ পয়োভৰ।
ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে যুৱ প্ৰজন্মৰ।
ইয়াৰ মাজতে বৰপেটাৰোডৰ বালাভিঠাৰ বেঁকীৰপাৰত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।
ড্ৰাগছ কিনিবলৈ টকা নিদিয়াৰ বাবে পুত্রই জ্বলাই দিলে ঘৰ।
জানিব পৰা মতে, ড্ৰাগছ, মদ, ভাং, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰি মাতাল হৈ থকা কৃষ্ণ দাসে নিজৰ ঘৰৰ প্ৰায়বোৰ সামগ্ৰী বিক্ৰী কৰাৰ লগতে টকা নাপালে ঘৰত অত্যাচৰ কৰে।
প্ৰতিদিনৰ দৰে বুধবাৰেও কৃষ্ণই পিতৃৰ পৰা ড্ৰাগছ সেৱন কৰিবৰ বাবে ৫ হাজাৰ টকা বিচাৰিছিল।
কিন্তু পিতৃয়ে দিবলৈ মান্তি নোহোৱাত কৃষ্ণ দাসে তেওঁলোকৰ ঘৰটো জ্বলাই দিয়ে।
ফলত দুৰ্ভগীয়া পিতৃয়ে নিজ পুত্ৰৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত ড্ৰাগছ আসক্ত যুৱক কৃষ্ণ দাসক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
উল্লেখ্য যে, কৃষ্ণই নিচাজাতীয় দ্ৰব্য সেৱন কৰি নিজৰ পিতৃ মাতৃৰ লগতে ভনিয়েককো মাৰপিট কৰাৰ বুলি পিতৃয়ে জানিবলৈ দিয়ে।