fbpx
অসম

ভয়ংকৰ ঘটনা! দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে মটৰচাইকেল আৰু স্কুটী…

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত নসত্ৰ গাঁৱত ভয়ংকৰ ঘটনা।

নিশা দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে মটৰচাইকেল আৰু স্কুটী।

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে ট্ৰেক্টৰ আৰু বাসগৃহ।

ন-সত্ৰৰ জ্যোতি প্ৰসাদ নাথ নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত নিশা সংঘটিত হয় এই ঘটনা।

বৰ্তমান ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ইপিনে নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত আইভেটিত এটা কুখ্যাত মটৰচাইকেল চোৰ আটক কৰে।

উল্লেখ্য যে, জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত দিনে নিশাই চুৰি, ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা নিতৌ বৃদ্ধি পাইছে যদিও নিয়ন্ত্ৰন কৰিব পৰা নাই আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!