
নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা।
নিজৰ চাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মঘাতী হ’ল আৰক্ষী চকীৰ এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল যােৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাট আৰক্ষী চকীত।
মৃত বিষয়াগৰাকীৰ নাম ভূপেন দিহিংগীয়া বুলি জানিব পৰা গৈছে।

তেওঁৰ ঘৰ উত্তৰ লখিমপুৰ জিলাত বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, মাত্ৰ ৩ দিন পূৰ্বে তেওঁ নতুনকৈ চেলেংহাট আৰক্ষী চকীত যােগদান কৰিছিল।
কিন্তু দেওবাৰে দিনতে নিজৰ কােৱাৰ্টাৰত তেওঁৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়।
নিজ কোঠাত সোমাই দুৱাৰ- খীৰিকি বন্ধ কৰাৰ পিছত আত্মহত্যা কৰে বিষয়াজনে।
বহু সময় ফোন ৰিচিভ নকৰাত আৰক্ষী চকীৰ একাংশ আৰক্ষীয়ে দুৱাৰ ভাঙি উদ্ধাৰ কৰে তেওঁৰ মৃতদেহটো।
এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ চেলেংহাট অঞ্চলত।
এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে যােৰহাট জিলা আৰক্ষীয়ে।
লগতে চাওকঃ
..ময়াে যাম! আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী
