fbpx
অসম

ভয়ংকৰ ঘটনা! উমৰাংছ’ৰ জলবিদ্যুৎ প্ৰকল্পত জলবিস্ফোৰণ, ৩জন কৰ্মচাৰীৰ কৰুণ মৃত্যু…

উমৰাংছ’ৰ জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ঘটনা।

জলবিস্ফোৰণ ফলত প্ৰাণ গ’ল নিপকোৰ ৩ গৰাকীকৈ কৰ্মচাৰীৰ।

জলবিস্ফোৰণ ফলত জলমগ্ন হৈ পৰিছে সমগ্ৰ প্ৰকল্পটো। লগতে ইয়াৰ কাষৰীয়া অঞ্চলো জলমগ্ন হৈ পৰে।

ডিমা হাছাওৰ পাঁচ কিলো অঞ্চলত এই ঘটনা সংঘটিত হয়।

ডিমাহাচাও জিলাৰ উমৰাংছ’ স্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল পৰিবাহী পাইপ বিষ্ফোৰণৰ ফলতেই এই ঘটনা সংঘটিত হয়।

নিহত হৈছে যোৰহাটৰ অনুপম শইকীয়া, ডিগবৈৰ জয়ন্ত হাজৰিকা আৰু ডিমা হাচাওৰ দেমেৰাজ জহাৰি।

উল্লেখ্য যে, ২০১৯ চনতো পাইপ বিস্ফোৰিত হৈ ৪জন লোকৰ মৃত্যু ঘটিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!