ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে ১১৩ জন যাত্ৰী কঢ়িওৱা বিমানত অগ্নিকাণ্ড…

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা।
অৱতৰণৰ সময়তে হঠাতে দাওদাওকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী বিমান।
১১৩ গৰাকী যাত্ৰী আৰু ৯ গৰাকী বিমানৰ পাইলট আৰু পৰিচালক সহ মুঠ ১২২গৰাকী লোক আছিল অগ্নিকাণ্ড সংঘটিত হোৱা বিমানখনত।
চীনত সংঘটিত হৈছে এই ঘটনা।
তীব্বত এয়াৰ লাইনৰ এখন বিমান সংঘটিত হয় এই অগ্নিকাণ্ড।
জানিব পৰা মতে, বিমানখন অৱতৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
কোনো যান্ত্ৰিক বিজুতি ঘটি হঠাতে বিমানখনত জুইৰ সূত্ৰপাত হয়।
অৱশ্যে বিমানবন্দৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী উপস্থিত হৈ লগে লগে উদ্ধাৰ কৰে সকলো যাত্ৰীৰ লগতে বিমানখনৰ কৰ্মকৰ্তা সকলক।
সুকলমেই উদ্ধাৰ হয় সকলো যাত্ৰী আৰু অন্য সকল।
সামান্য আঘাতপ্ৰাপ্ত প্ৰায় ৪০ জন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
Tibet Airlines TV9833/A319/B-6425 from Chongqing to Nyingchi was on fire during take-off this morning, details still not known. CKG/ZUCK closed for now. pic.twitter.com/CPL47fmfVk
— FATIII Aviation (@FATIIIAviation) May 12, 2022
চীনৰ বিমানবন্দৰৰ ৰানৱেৰ পৰা ওলাই যোৱাৰ পিছত বৃহস্পতিবাৰে তিব্বত এয়াৰলাইনছৰ এই বিমানখনত অগ্নিকাণ্ড হয়।
সকলো যাত্ৰী আৰু কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হয়।
জানিব পৰা মতে, বিমানখন দক্ষিণ-পশ্চিম চহৰ চংকিংৰ পৰা তিব্বতৰ নিংচিলৈ উৰা মাৰিবলৈ লৈছিল।