ভয়ংকৰ ঘটনা! অট্টালিকা খহি পৰি মৃত্যু ৪ বছৰীয়া কন্যাশিশুসহ ৩ জনৰ, আহত কেইবাজনো…

এক ভয়ংকৰ ঘটনা।

দিল্লীৰ লাহৰীগেটত অট্টালিকা খহি পৰি মৃত্যু ৪ বছৰীয়া কন্যাশিশুসহ তিনি জনৰ। গুৰুতৰভাৱে আহত কেইবাজনো।

দিল্লীৰ বাল্মীকি মন্দিৰৰ কাষৰ ফৰাশ খানা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

এই ভয়ংকৰ ঘটনাটোৰ ফলত আহত ৯জন ব্যক্তিক LNJP হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক।

NDRFৰ তত্ত্বাৱধানত ভাগি পৰা অট্টালিকাটোত বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এতিয়াও ৩ৰ পৰা ৪জন লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে। উদ্ধাৰ অভিযান চলাই আন লোকসকলৰ সন্ধান অব্যাহত আছে।