ভয়ংকৰ কাণ্ড! মোবাইল চুৰিৰ অপৰাধত দুই যুৱকক লক্ষ্য কৰি ৰাজপথত গুলীবৰ্ষণ ব্যৱসায়ী পুত্ৰৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ বিশ্বনাথৰ এগৰাকী বিশিষ্ট ব্যৱসায়ীৰ নাতিয়েকৰ অন্নপ্ৰসন্ন অনুষ্ঠিত বিলনীয়া হিচাপে গৈছিল কেইবাজনো ছাত্ৰ। তাৰে এজন যুৱকে ব্যৱসায়ীৰ পুত্ৰৰ মোবাইল ফোনটো চুৰি কৰাৰ অপৰাধতে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে চিনেমাৰ কায়দাত গুলীচালনা কৰিলে ব্যৱসায়ীৰ পুত্ৰই।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিশ্বনাথৰ সূৰ্যপুৰ বালিপুখুৰীত। জানিব পৰা মতে, বালিপুখুৰীৰ বিশিষ্ট ব্যৱসায়ী অকন শইকীয়াৰ পুত্ৰনাতিৰ অন্নপ্ৰসন্ন অনুষ্ঠানত বিলনীয়া হিচাপে যোৱা এজন যুৱকে মনে মনে লৈ আহিছিল পৰিয়ালৰ মোবাইল ফোন এটা।

photo1659856002
ভয়ংকৰ কাণ্ড! মোবাইল চুৰিৰ অপৰাধত দুই যুৱকক লক্ষ্য কৰি ৰাজপথত গুলীবৰ্ষণ ব্যৱসায়ী পুত্ৰৰ, গ্ৰেপ্তাৰ 3

পিছত সেই মোবাইল নম্বৰত ফোন কৰি যুৱকজনক মোবাইলটো দিবলৈ মতাত এজন বন্ধুৰ সৈতে বৰপুখুৰী চাহ বাগিচাৰ যুৱকজনে মোবাইলটো দিবলৈ যায়।

তেতিয়াই অকন শইকীয়াৰ পুত্ৰ ভৱেন শইকীয়া আৰু ৯-১০ জনীয়া গুণ্ডা বাহিনীয়ে যুৱক দুজনক পথৰ ওপৰতে আৱদ্ধ কৰি ৰ’ডেৰে প্ৰহাৰ কৰাৰ কৰে।

photo1659856089
ভয়ংকৰ কাণ্ড! মোবাইল চুৰিৰ অপৰাধত দুই যুৱকক লক্ষ্য কৰি ৰাজপথত গুলীবৰ্ষণ ব্যৱসায়ী পুত্ৰৰ, গ্ৰেপ্তাৰ 4

ইফালে সেই সময়ত ভৱেন শইকীয়াই তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে যুৱক দুজনলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

অৱশ্যে এই গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুয়োজনযুৱক। কিন্তু ব্যৱসায়ীৰ পুত্ৰ আৰু তেওঁৰ গুণ্ডা বাহিনীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় যুৱক দুজন।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ভৱেন শইকীয়াক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। মোবাইল চুৰিৰ অপৰাধত এনেদৰে দুই যুৱকক পথৰ ওপৰতে প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ বিশ্বনাথত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।