ভয়ংকৰ কাণ্ড! পিতৃ-মাতৃৰ ম’বাইল ফোন কেন্দ্ৰিক কাজিয়াত প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ

নিউজ ডেস্ক। ম’বাইল ফােনক কেন্দ্ৰ কৰি সময়ে-সময়ে বিভিন্ন অবাঞ্ছিত ঘটনা সংঘটিত হােৱা কােনাে নতুন কথা নহয়।

কিন্তু এইবাৰ পিতৃ-মাতৃৰ ম’বাইল ফােন কেন্দ্ৰিক কাজিয়াৰ পৰিণতিত এটি কণমানী শিশুৱে মৃত্যুক আঁকােৱালি ল’বলগীয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ স্থান লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ উত্তৰ ৰূপহী।

22

অভিযুক্ত পিতৃ-মাতৃ

নিশা সংঘটিত হোৱা ঘটনাত হিতাহিত জ্ঞান হেৰুৱাই পিতৃ-মাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰে ৩ বছৰীয়া পুত্ৰ সন্তানক।

ঘটনাৰ বিৱৰণী মতে, উত্তৰ ৰূপহী নিবাসী বাবুল শইকীয়া আৰু পুতলী শইকীয়া নামৰ দম্পতীহালৰ মাজত নিশা নিজ গৃহত ম’বাইল ফোনকেন্দ্ৰিক তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।

তেওঁলোকৰ কোঠাত সংঘটিত হোৱা কাজিয়াৰ ফলত পিতৃ-মাতৃৰ লগতে থকা তিনি বছৰীয়া পুত্ৰ সন্তান অভিজিৎ শইকীয়াক মৰিয়াই মৰিয়াই হত্যা কৰে।

এই বৰ্বৰ কাণ্ডত মুখ্য ভূমিকা পিতৃ বাবুলে গ্ৰহণ কৰে।

এই কাণ্ডৰ সময়ত বাবুল শইকীয়াৰ মাতৃ মৃদু শইকীয়া ঘৰতেই আছিল যদিও দম্পতীহালৰ কোঠাটো বন্ধ আছিল বাবে প্ৰাণৰক্ষা কৰিব নোৱাৰিলে শিশুটিৰ।

আনহাতে, চাউলধোৱা আৰক্ষীয়ে নৃশংস ঘটনা সংঘটিত কৰা দম্পতীক আটক কৰাৰ লগতে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

মানৱতাক ভূ-লুন্ঠিত কৰা এই ঘটনাই মৰ্মাহত কৰি তুলিছে অঞ্চলবাসীক।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

মৰ্মান্তিক! শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত দুই কণমানিৰ মৃত্যু, বিধ্বস্ত ঘৰ

Leave a Comment