ভোগালীৰ আনন্দৰ মাজতে  ভয়ংকৰ বাছ দুৰ্ঘটনা, দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ

ভোগালীৰ আনন্দৰ মাজতে ভয়ংকৰ বাছ দুৰ্ঘটনা, দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ

January 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সমগ্ৰ ৰাজ্যত ভোগালী বিহুৰ আনন্দ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে কামৰূপ জিলাৰ মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাস্থলী হৈ পৰে লােকে লােকাৰণ্য।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী গৈ থকা অৱস্থাত মিৰ্জাৰ সৰাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দ-খাৱৈত পৰে এখন যাত্ৰীবাহী বাছ।

এএছ ০১ এম চি ২৯৬৭ নম্বৰৰ এই বাছখনত প্ৰায় ৪০ গৰাকী যাত্ৰী আছিল।

এই দুৰ্ঘটনাৰ ফলত বহু যাত্ৰী আহত। তাৰ ৪ জনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

সংকটজনক অৱস্থাত নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰা হয়। ঘটনাস্থলীত NDRF বাহিনীয়ে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলায়।

তীব্ৰ বেগত অহাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা বুলি যাত্ৰী আৰু প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে গুৱাহাটী-গােৱালপাৰাৰ মাজত থকা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাংশ যাত্ৰীবাহী বাছৰ উদণ্ড চালকৰ বাবে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।