fbpx
অসমীয়াঅসম

ভেলেণ্টাইন ডে’ৰ দিনাই বজাৰ কৰিবলৈ ওলাই গৈছিল মহিলাগৰাকী! আজিও উভতি নহাত দুই সন্তানৰ মাতৃগৰাকীক বিচাৰি পৰিয়ালৰ হাহাকাৰ…

নিউজ ডেস্কঃ বিগত ৮ ধৰি চিমেন চাপৰিৰ এগৰাকী বোৱাৰী সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

দুই সন্তানৰ মাতৃ মহিলাগৰাকীক সন্ধানত স্বামী তথা পৰিয়ালে চৌদিশ চলাথ কৰিছে যদিও এতিয়াও লাভ কৰিব পৰা নাই সন্ধান।

জানিব পৰা মতে, যোৱা ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে’ৰ দিনাই বজাৰ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল চিলাপথাৰ থানাৰ অন্তৰ্গত ডিমৌ শ্যামজুলীৰ নিৱাসী নাৰায়ণ পোখৰেলৰ পত্নী ধনুমাই পোখৰেল (২৫)।

কিন্তু ইয়াৰ পিছতে ঘৰলৈ উভতি অহা নাই ধনুমাই পোখৰেল।

মহিলাগৰাকীৰ সন্ধান বিচাৰি ইফালে সিফালে ঘূৰি ফুৰিছে স্বামী আৰু পৰিয়ালৰ লোকে।

মাতৃক বিচাৰি কান্দি কান্দি ভাগৰি পৰিছে দুই সন্তানেও।

কিন্তু তাৰ পিছতো মহিলাগৰাকীৰ কোনো সম্ভেদ নোলোৱাত কোনো দুষ্ট চক্ৰই ধনুমাই পোখৰেলক অপহৰণ কৰাৰ সন্দেহ কৰিছে স্বামীয়ে।

ইতিমধ্যে পৰিয়ালে এই সন্দৰ্ভত আৰক্ষীক কাষ চাপিছে যদিও আৰক্ষীয়েও বিচাৰি উলিয়াব পৰা নাই মহিলাগৰাকী।

যাৰ বাবে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ সম্ভেদ পালে পৰিয়াল বা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!