ভেকচিন গ্ৰহণ কৰা সকলেও আক্ৰান্ত হ’ব পাৰে অমিক্ৰনত! WHOৰ সতৰ্কবাণীৰ পিছত বিশ্বজুৰি হাহাকাৰ

নিউজ ডেস্ক। দেশত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে কোৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে।

মঙ্গলবাৰৰ দিনটোত এই ভেৰিয়েন্টৰ আক্ৰান্ত ৰোগীৰ সংখ্যাই ভাৰতত ২০০ৰ ঘৰ স্পৰ্শ কৰিছে।

উল্লেখ্য যে, সোমবাৰে দেশত এই মহামাৰীত সংক্ৰমিত হোৱা ৰোগীৰ সংখ্যা আছিল ১৭৩ জন। মঙ্গলবাৰৰ দিনটোলৈ মুঠ ৭৭ জন ৰোগী এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰে।

অমিক্ৰনৰ দৈনিক সংক্ৰমণ বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে বিশেষজ্ঞ সকলক।

ইফালে বিশ্বৰ কেইবাখনো দেশত এতিয়া ভয়াবহ হৈ পৰিছে অমিক্ৰন। আমেৰিকাত জেনম টেষ্টৰ বাবে প্ৰেৰণ কৰা নমুনাৰ ৭৩ শতাংশই অমিক্ৰনত আক্ৰান্ত বুলি ধৰা পিছতে যুক্তৰাষ্ট্ৰৰ আতংক বৃদ্ধি পাইছে।

তাতকৈও ভয়ংকৰ খবৰ এয়ে যে যুক্তৰাষ্ট্ৰখনত মাত্ৰ এসপ্তাহৰ ভিতৰতে সংক্ৰমিতৰ সংখ্যা ৩ শতাংশৰ পৰা ৭৩ শতাংশলৈ বৃদ্ধি পাইছে।

বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এই মহামাৰীৰ সংক্ৰমণক লৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। এই সময়ছোৱাত পুনৰ এবাৰ লকডাউনৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো ইতিমধ্যে বিশেষজ্ঞসকলৰ মাজত চৰ্চা চলিছে।

ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ডাঃ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে সতৰ্কবাণী জাৰি কয় যে কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰন আন এটা প্ৰকাৰ ডেল্টাৰ তুলনাত অধিক দ্ৰুততাৰে সংক্ৰমিত হব পাৰে। আনহাতে কোভিড প্রতিষেধক গ্ৰহণ কৰা আৰু কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা সকলো এই ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত হব পাৰে বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই।

উল্লেখ্য যে, অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ কোভিড প্ৰতিষেধকৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰি নে নাই তাক লৈ গৱেষকলে পৰীক্ষা নিৰীক্ষা চলাই থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণীয়ে বিশ্ববাসীক চিন্তিত কৰি তুলিছে।

লগতে চাওকঃ

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

Leave a Comment