ARUNACHAL PRADESH

ভূ-স্খলনত বিধ্বস্ত বলেৰ’ বাহন, নিহত ১

নিউজ ডেস্ক। এক ভয়াৱহ পথ দুৰ্ঘটনা।

চলন্ত বলেৰ’ বাহনৰ ওপৰত খহি পৰিল শিলাখণ্ড। বিধ্বস্ত হৈ পৰিল গাড়ীখন। থিতাতে নিহত ১ জন।

এই দুৰ্ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙৰ বৈশাখী অঞ্চলত।

বলেৰ’ গাড়ীত প্ৰকাণ্ড শিল বাগৰি পৰাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনাটো। এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, বলেৰ’ গাড়ীখনত আহিছিল চালক সহ চাৰিজন লোক। কিন্তু গাড়ীখনত প্ৰকাণ্ড শিল বাগৰি পৰাত সংঘটিত হয় দুৰ্ঘটনাটো।

মৃত লোকজন পেটেল ইঞ্জিনিয়াৰিংৰ অসামৰিক বিভাগৰ উপ প্ৰবন্ধক এছ অৰিয়াভলাগুন।

গুৰুতৰভাৱে আহত লোকজন ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ পল্টন কুমাৰ বুলি জানিব পৰা গৈছে।

পল্টন কুমাৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

আনহাতে গাড়ীখনত যোৱা চালক ৰঞ্জিত বসুমতাৰী আৰু মেকানিকেল বিভাগৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ পিনাকী ৰায় নিৰাপদে ৰক্ষা পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button