ভূমি জালিয়তিৰ গোচৰত অভিযুক্ত পলাতক লাট মণ্ডল জাকিৰ হুছেইনৰ সম্পত্তি জব্দ প্ৰশাসনৰ…

ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো প্ৰশাসনক ভেঙুচালি কৰি একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী লিপ্ত হৈ আহিছে দুৰ্নীতি-অনিয়মত।
ৰাজ্যত প্ৰায় প্ৰতিদিনে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ এইবাৰ সময়তে নলবাৰী জিলাৰ মুকালমুৱাৰ সোণাপুৰত এগৰাকী লাট মণ্ডলৰ সম্পত্তি জব্দ কৰে প্ৰশাসনে।
ভূমি জালিয়তিৰ গোচৰত অভিযুক্ত লাট মণ্ডল জাকিৰ হুছেইনৰ এটা পুখুৰী জব্দ কৰে প্ৰশাসনে।
পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আছিল জাকিৰ হুছেইন।
অভিযোগ অনুসৰি, পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বড়ি টাপা লাটৰ মণ্ডল জাকিৰ হুছেইনে একাংশ ভূ-মাফিয়াৰ লগত লগ-লাগি জালিয়াতিৰে ভূমি বিক্ৰী কৰি আহিছিল।
ভুক্তভোগী লোকৰ অভিযোগৰ ভিত্তিত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই তদন্ত কৰি লাট মণ্ডল জাকিৰ হুছেইনৰ বিৰুদ্ধে চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।
যাৰ পিছতে পলাতক অৱস্থাত থকা লাট মণ্ডল জাকিৰ হুছেইনৰ এটা পুখুৰী জব্দ কৰে প্ৰশাসনে।