
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে মন্ত্ৰী পীযূষ হাজৰিকাই।
মন্ত্ৰীগৰাকীয়ে এইবাৰ কংগ্ৰেছৰ ইতিহাসত আটাইতকৈ ব্যৰ্থ তথা নিকাম্মা সভাপতি আখ্যা দিলে ভূপেন বৰাক।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি মন্ত্ৰী পীযূষ হাজৰিকাই কয়- ভূপেন বৰা কংগ্ৰেছৰ সকলোতকৈ ব্যৰ্থ সভাপতি। ভূপেন বৰা সৰ্বকালৰ নিকাম্মা সভাপতি কংগ্ৰেছ দলৰ। ভূপেন বৰাৰ বাবেই বিপৰ্যয় হৈছে কংগ্ৰেছৰ।
ভূপেন বৰাৰ দিনত অসমৰ ৰাজনীতিত কংগ্ৰেছ দলৰ স্থান তৃতীয়, চতুৰ্থ অথৱা পঞ্চমলৈ অৱনমিত হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
আনহাতে ভূপেন বৰাৰ কবিতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়- ভূপেন বৰাৰ ওপৰত বহুত কিবা কব লগা আছে বুলি মই আজিৰ তাৰিখত অনুভৱ নকৰো। ভূপেন বৰাই দলৰ কথা চিন্তা কৰক। এইবোৰ অকবিতা লিখি মানুহৰ মাজত হাঁহিৰ খোৰাক নহওঁক। তাৰ বাবে মই আহ্বান জনাইছো। আজিৰ তাৰিখত ভূপেন বৰাৰ কবিতা মানে হাহিৰ খোৰাক।
ভূপেন বৰাই টকাৰ সপোন দেখি থাকে, সেইবাবে তৃণমূল পৰ্যায়ৰ প্ৰাৰ্থীৰ পৰাও তেওঁ টকা লোৱাৰ কথা শুনা যায়। এইবোৰ নকৰি ভূপেন বৰাই দলটোক অসমৰ ৰাজনীতিৰ ২ নম্বৰ স্থানলৈ আনিব পাৰে নেকি তাৰ চেষ্টা কৰক। অহা ২০ বছৰলৈ ভূপেন বৰাই নহয় কোনো কংগ্ৰেছীয়ে অসমত দলটোক এক নম্বৰ স্থানত আনিব নোৱাৰে- পীযূষ হাজৰিকা।
ভূপেন বৰাৰ কবিতা বেলেগে লিখি দিয়ে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
উল্লেখ্য যে, ভূপেন বৰাই শুক্ৰবাৰে ‘দৰ্পচূৰ্ণ’ নামৰ এটি কবিতা মুকলি কৰে। যিটো কবিতাই শেহতীয়াভাৱে বিশেষ চৰ্চা লাভ কৰিছে।
কবিতাটো হৈছে–
জাতি মাটি ভেটি ৰক্ষা প্ৰচণ্ড শব্দ,
বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।।
উন্নয়নৰ গংগাৰ চলে আনিছে তাণ্ডৱ,
নাৱৰ সৈতে ডুবি গৈছে স্বজাতিৰ বাস্তৱ,
মাজুলীৰ পৰা ধুবুৰীলৈ দেখিছোঁ বছৰেকীয়া জলবলি উৎসৱ।
অৰুণোদয় হৈছে আজি ক্ষমতাৰ ৰাজহাঁড়,
মামাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ।
বিজ্ঞাপনত শতকোটি, হেলিকপ্টাৰটো কোটি কোটি,
পদুম আজি বশিষ্ঠত হৈছে গগনচুম্বী,
অম্লজানৰ অভাৱত বৰগীতে হেৰুৱাইছে ধৰকাছুটি।
আঁউসী আন্ধাৰে আৱৰি আনিছে,
তেজস্বীতাৰ সুৰৰ বিননী ভাঁহী আহিছে,
কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ মগ্ন
জাতি, ভেটি ৰক্ষাৰ দর্পচূর্ণ ।।