ভূপেন বৰা-অখিল গগৈৰ নামে-বেনামে থকা সম্পত্তিৰ মূল্যতকৈ আমাৰ কাৰ্যালয় ভৱনৰ মূল্য কমঃ পৱিত্ৰ মাৰ্ঘেৰিটা

৮ অক্টোবৰত বশিষ্ঠত অটল বিহাৰী বাজপেয়ী ভৱন উদ্বোধন কৰাৰ পিছতেই ৰাজ্যত আৰম্ভ হৈছে চৰ্চা।

একাংশ বিৰোধীয়ে বিজোপি চৰকাৰক কৰিছে ক্ষুৰধাৰ সমালোচনা।

এই সন্দৰ্ভত সংবাদমেল সম্বোধন বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ।

সংবাদমেলত তেওঁ কয়-ভূপেন বৰাৰ নামী-বেনামী সম্পত্তিৰ তুলনাত আমাৰ দলৰ কাৰ্যালয়টো একোৱেই নহয়। ১৫ বছৰ শাসন কৰা দলটোৰ ব্লক কংগ্ৰেছৰ সভাপতিৰ সম্পত্তিতকৈ আমাৰ কাৰ্যালয় সৰু, কম ব্যয়ৰ। আমাৰ দলৰ কাৰ্যলয় নিৰ্মাণ হয়, বেলেগ দলৰ নেতাৰ অট্টালিকা নিৰ্মাণ হয়।

আনহাতে অখিল গগৈ সন্দৰ্ভত মাৰ্ঘেৰিটাই কয়- অখিল গগৈৰ গুৱাহাটীৰ মাজমজিয়াত থকা ঘৰটোৰ মূল্যতকৈ আমাৰ মুখ্য কাৰ্যলয়টোৰ মূল্য ১০ গুণ মানহে বেছি হ’ব। অখিল গগৈৰ ব্যক্তিগত সম্পত্তি আছে নামে–বেনামে, তাৰ মূল্যতকৈ আমাৰ এই ভৱনটিৰ মূল্য কম।

তেওঁ কয়- আমি আমাৰ সদস্যৰ কথা ভাবি, কাৰ্যকৰ্তাৰ সেৱাৰ্থে এই ভৱন খুলিছো। কিন্তু অখিল গগৈ, ভূপেন বৰাৰ নিচিনা ৰাজনীতিকে ব্যক্তিগত সম্পত্তি বঢ়াবলৈ, নিজ অট্টালিকা নিৰ্মাণৰহে চিন্তা কৰে। ন্যায়ালয়ৰ ৰায়ৰ পিছতহে আমি এই অট্টালিকা নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো।