নিবনুৱাৰ পৰা তামোল এখনো নাখাও বুলি কোৱা মুখ্যমন্ত্ৰীয়ে চাকৰিৰ বিনিয়ত সংগ্ৰহ কৰিছে বিপুল ধনঃ ভূপেন বৰা

নিউজ ডেস্কঃ নিবনুৱাক চাকৰি প্ৰদানৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিছে অসম চৰকাৰে। -এই বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

ৰাজ্যজুৰি উত্তপ্ত হৈ থকা নিযুক্তি বিতৰ্কৰ মাজতে কংগ্ৰেছৰ প্ৰদেশ সভাপতিগৰাকীয়ে মহাবিস্ফোৰণ ঘটনাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ হাজাৰ চাকৰিৰ বিনিময়ত নিবনুৱাৰ পৰা ৭১ কোটি ৫২ লাখ ৬৫ হাজাৰ টকা সংগ্ৰহ কৰিছে।

নিৰ্বাচনৰ পূৰ্বে নিবনুৱাৰ পৰা তামোল এখো নাখাও বুলি দাঠি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিবনুৱাৰ পৰা সংগ্ৰহ কৰা ধনেৰেই হেলিকপ্টাৰ লৈ ঘূৰি ফুৰিছে বুলিও মন্তব্য কৰে ভূপেন বৰাই।

চাকৰি সংগ্ৰহৰ নামত অসম চৰকাৰে নিবনুৱাৰ সৈতে কৰা প্ৰতাৰণা শীঘ্ৰেই পোহৰলৈ আহিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, ‘জোলোঙাৰ মেকুৰী ওলালেই। এতিয়া তিৰ্পালেৰে ঢাকিহে থৈছে। অলৰ দেৰি ধৈৰ্য ধৰলৈ সকলো দেখিব।’