অসম
ভূপেন বৰাৰ দলত মানুহ থাকিব পৰা পৰিৱেশ নাইঃ জয়ন্ত মল্ল বৰুৱা…

পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য মন্ত্ৰীগৰাকীৰ।
মন্ত্ৰীগৰাকীয়ে কয়- ভূপেন বৰাৰ দলত মানুহ থাকিব পৰা পৰিৱেশ নাই। যিসকলক বেলেগ দলে লোৱা নাই সেই সকলে বাধ্য হৈ ৰৈ আছে। যিদিনাই বেলেগ দলে লব বুলি কয় সিদিনাই দলটো এৰি গুচি আহে। কংগ্ৰেছে নিজক আত্মবিশ্লেষণ কৰা দৰকাৰ।
ভূপেন বৰাক সমালোচনা কৰি তেওঁ লগতে কয়- সাধাৰণ পঞ্চায়তৰ টিকট দিয়োতেও টকা পইচা লয় কংগ্ৰেছে। সেইটো দলত মানুহ কেনেকৈ থাকিব। পি এফ আইক নিষিদ্ধ কৰাটো সকলোৱে হৃদয়েৰে ভাল পাইছে। পি এফ আইক সমৰ্থন কৰা দলত মানুহ থাকিব নেকি।
বিজেপিত এতিয়া মনুহৰ উভৈনদী। চৰকাৰৰ উন্নয়ন মূলক কামৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিলৈ মানুহ আহিছে।- জয়ন্ত মল্ল বৰুৱা।